Skip to content
Opens in a new window
Listen to this chapter • 3:16

[1] হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা:

[2] মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।

[3] মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:

[4] হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।

[5] তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।

[6] এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।

[7] ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।

[8] ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;

[9] কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।

[10] “পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?” প্রিয়াৰ কথা:

[11] মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।

[12] মই আনন্দত উত্রাৱল হ’লো, মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন, যুৱৰাজৰ এখন ৰথত বহালে আৰু মই গৈ আছিলোঁ। আন ৰমণীসকলৰ কথা:

[13] হে চূলম্মীৎ, উলটি আহাঁ, উলটি আহাঁ; আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। প্রিয়ৰ কথা: মহনয়িমৰ নৃত্য চোৱাৰ দৰে, নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?

পৰমগীত — Chapters