[1] যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
[2] সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
[3] তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
[4] তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
[5] তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
[6] তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
[7] তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
[8] তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
[9] সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
[10] তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
[11] যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
[12] সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
[13] বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
[14] তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
[15] তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
[16] আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
[17] ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
[18] এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
[19] পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
[20] ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
[21] “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
[22] পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
[23] মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
[24] কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
[25] কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
[26] নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
[27] নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
[28] সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
[29] কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
[30] সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
[31] সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
[32] লোটৰ তিৰোতাক সোঁৱৰা।
[33] যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
[34] মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
[35] দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
[36] দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
[37] তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”