[1] বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
[2] চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
[3] আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
[4] ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
[5] তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
[6] যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
[7] চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
[8] ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
[9] ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
[10] যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
[11] যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
[12] ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
[13] দবীৰৰ ৰজা, গেদৰৰ ৰজা,
[14] হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
[15] লিব্নাৰ ৰজা, অদুল্লমৰ ৰজা,
[16] মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
[17] তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
[18] অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
[19] মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
[20] চিম্ৰোণ-মৰোণৰ ৰজা, অক্চফৰ ৰজা,
[21] তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
[22] কেদচৰ ৰজা, কৰ্মিলত থকা যক্নীয়ামৰ ৰজা,
[23] দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
[24] অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷