[1] হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
[2] আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
[3] কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
[4] প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
[5] কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
[6] যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
[7] আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
[8] কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
[9] আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
[10] এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
[11] চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
[12] যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
[13] কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
[14] কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
[15] কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
[16] যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
[17] এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
[18] ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।