[1] যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
[2] তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
[3] পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
[4] চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
[5] আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
[6] যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
[7] এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
[8] জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
[9] জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
[10] বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
[11] বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
[12] অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
[13] অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
[14] বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
[15] আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
[16] হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
[17] বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
[18] যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
[19] হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
[20] গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
[21] বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
[22] নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
[23] অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
[24] অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
[25] কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
[26] ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
[27] মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
[28] বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
[29] নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
[30] মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
[31] অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
[32] হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
[33] লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
[34] যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
[35] চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
[36] পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
[37] ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
[38] পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
[39] হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
[40] লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
[41] মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
[42] দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
[43] যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
[44] কেৰোচ, চীয়হা, পাদোন,
[45] লবানা, হগাবা, অক্কুব,
[46] হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
[47] গিদ্দেল, গহৰ, ৰায়া,
[48] ৰচীন, নকোদা, গজ্জম,
[49] উজ্জা, পাচেহ, বেচয়,
[50] অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
[51] বকবুক, হকুফা, হৰ্হূৰ,
[52] বস্লোত, মহীদা, হৰ্চা,
[53] বৰ্কোচ, চীচৰা, তেমহ,
[54] নচীহ, আৰু হটীফাৰ বংশধৰসকল।
[55] চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
[56] যালা, দৰ্কোণ, গিদ্দেল,
[57] চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
[58] চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
[59] যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
[60] দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
[61] পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
[62] তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
[63] তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
[64] সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
[65] তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
[66] তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
[67] চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
[68] যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
[69] তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
[70] পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।