Skip to content
Opens in a new window
Listen to this chapter • 3:58

[1] পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।

[2] সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে, সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল, তেওঁলোক অধিক সৌভাগ্যশালী।

[3] কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।

[4] তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।

[5] অজ্ঞান লোকে হাত সাৱটি একো নকৰাকৈ থাকে, তেওঁলোকে নিজকে ধ্বংস কৰে।

[6] বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।

[7] পাছত মই পুনৰ সূৰ্যৰ তলত অসাৰতা দেখিলোঁ।

[8] কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।

[9] এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।

[10] কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে। কিন্তু হায় সেই অকলে থকা লোক! কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।

[11] তাৰ উপৰি দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব?

[12] যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।

[13] এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।

[14] সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।

[15] মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।

[16] এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।

উপদেশক — Chapters