Skip to content
Opens in a new window
Listen to this chapter • 5:12

[1] যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।

[2] যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।

[3] যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;

[4] আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।

[5] যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?

[6] পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।

[7] মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।

[8] ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।

[9] যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

[10] সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।

[11] তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।

[12] যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।

[13] যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।

[14] তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।

[15] নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।

[16] বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।

[17] বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।

[18] একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।

[19] যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

[20] যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।

2 ৰাজাৱলি — Chapters