[1] তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।
[2] তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
[3] যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
[4] কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
[5] এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
[6] তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
[7] তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷
[8] আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া,জবদিয়া,অচাহেল,চমীৰামোৎ,যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
[9] তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
[10] তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
[11] আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
[12] এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
[13] যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
[14] তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
[15] তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
[16] তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
[17] বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
[18] আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷
[19] এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।