Skip to content
Opens in a new window
Listen to this chapter • 4:41

[1] চমূৱেল বৃদ্ধ হোৱাৰ পাছত, তেওঁৰ পুত্ৰ সকলক ইস্ৰায়েলৰ ওপৰত তেওঁ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে।

[2] তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল।

[3] তেওঁৰ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটী খাই অন্যায় বিচাৰ কৰিছিল৷

[4] সেই কাৰণে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে চমূৱেলক ল’গ ধৰিবলৈ ৰামালৈ আহিল৷

[5] তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”

[6] যি সময়ত তেওঁলোকে কৈছিল, “আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক” সেই সময়ত চমূৱেলে অসন্তুষ্ট হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে৷

[7] যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।

[8] মই মিচৰৰ পৰা সিহঁতক বাহিৰ কৰি অনা দিনৰে পৰা আজিলৈকে সিহঁতে মোলৈ যেনেকৈ ব্যৱহাৰ কৰি আহিছে, অৰ্থাৎ মোক ত্যাগ কৰি অন্যান্য দেৱতাবোৰক পূজা কৰি আহিছে, তেনেকৈ তোমালৈকো একে ব্যৱহাৰ কৰিছে।

[9] সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।”

[10] তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে।

[11] আৰু ক’লে, “তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ’ব; তোমালোকৰ পুত্ৰ সকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁৰ ৰথৰ আগে আগে দৌৰি যাব;

[12] আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।

[13] তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব।

[14] তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জিত গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব।

[15] তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব।

[16] তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাস সকলক ল’ব আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব।

[17] তেওঁ তোমালোকৰ মেৰ-ছাগ আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল’ব; আৰু তোমালোক তেওঁৰ বন্দী হ’বা।

[18] সেই দিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰণে কান্দিবা; কিন্তু যিহোৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব।”

[19] কিন্তু লোকসকলে চমূৱেলৰ কথা নামানিলে; তেওঁলোকে তেওঁক ক’লে, “নহয় নহয়! আমাৰ ওপৰত এজন ৰজা হবই লাগিব।

[20] আমি আন জাতিৰ দৰে হ’বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ, আমাক এজন ৰজা লাগে।”

[21] তাৰ পাছত চমূৱেলে লোকসকলৰ সকলো কথা শুনি পুনৰ সেই কথা যিহোৱাক জনালে।

[22] যিহোৱাই চমূৱেলক ক’লে, “তুমি লোকসকলৰ কথা শুনা আৰু তেওঁলোকৰ ওপৰত এজন ৰজা পাতি দিয়া।” তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “প্ৰত্যেক জনে নিজৰ নিজৰ নগৰলৈ যাবই লাগিব।”

1 চমূৱেল — Chapters